নিউজ ডেস্কঃ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কৰা অন্যতম মাষ্টাৰমাইণ্ড কুমুদ ৰাজখোৱাই অৱশেষত আত্মসমৰ্পণ কৰিলে। লখিমপুৰ সদৰ থানাত আত্মসমৰ্পণ কৰিলে মাষ্টাৰমাইণ্ড ৰাজখোৱাই।

আজি দিনৰ ভাগত ডিজিপি জি পি সিঙে সংবাদমেল সম্বোধন কৰি অতি সোনকালে আত্মসমৰ্পণ কৰিবলৈ কৈছিল। অন্যথা ডিজিপিয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়নি দিছিল কুমুদ ৰাজখোৱাই।   

WhatsAppত প্ৰচাৰ কৰিছিল মেট্ৰিকৰ প্ৰশ্নকাকত কুমুদ ৰাজখোৱা লখিমপুৰ ডফলাকটা হাইস্কুলৰ প্ৰধান শিক্ষক। প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পোহৰলৈ অহাৰ পিছৰে পৰা পলাতক হৈ আছিল কুমুদ। ডি জি পি সংবাদমেলৰ কেইটামান ঘণ্টা পিছতে আত্মসমৰ্পণ মাষ্টাৰমাইণ্ড কুমুদে।

জি পি সিঙে সংবাদমেলত জনোৱা অনুসৰি, প্ৰণৱ দত্ত নামৰ আন এজন মাষ্টাৰমাইণ্ড কুমুদ ৰাজখোৱাক ৫ হাজাৰ বিনিময়ত যোগান ধৰিছিল। আৰু চেণ্টাৰ ইনচাৰ্জ হিচাপে দায়িত্ব থকা প্ৰণৱ দত্তয়ে ২৯ টাৰ বিপৰীতে ২৮ টা প্ৰশ্ন কাকতৰ টোপোলাৰ বিষয়ে তথ্য দিছিল। প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পোহৰলৈ অহাৰ পিছতেই প্ৰশ্নকাকত জ্বলাই দিছিল ৰাজখোৱাই ।

লগতে, কুমুদ ৰাজখোৱা ঘৰৰ পৰা আধাপোৰা অৱস্থাত সাধাৰণ বিজ্ঞান আৰু অসমীয়া প্ৰশ্নকাকত আৰক্ষী উদ্ধাৰ কৰিছে বুলি জি পি সিঙে জানিবলৈ দিয়ে। আৰক্ষীয়ে বৰ্তমান লৈকে এই সন্দৰ্ভত এতিয়ালৈকে ২৭ গৰাকী গ্ৰেপ্তাৰ কৰিছে । যাৰ ভিতৰত ১৪ গৰাকী প্ৰাপ্তবয়স্ক আৰু ১৩ জন নাবালক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply