সোণাৰিঃ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাসক চৰাইদেউ পৰ্যটন ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেছেদৰ নিয়োজিত কৰা হৈছে। দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা চৰাইদেউ দেওশালক উদ্ধাৰ কৰাৰ পাছত প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই দায়িত্ব অৰ্পন কৰা হৈছে কণ্ঠশিল্পীগৰাকীক।
চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংগঠনে গ্ৰহণ কৰিছে এই পদক্ষেপ। ইফালে এই দায়িত্ব গ্ৰহণ কৰা পাছত চৰাইদেউ দেওশালৰ লগতে চৰাইদেউ মৈদাম ক্ষেত্ৰক বেদখলমুক্ত কৰাৰ দাবী তুলিলে কণ্ঠশিল্পীগৰাকীয়ে।

মন কৰিবলগীয়া যে,ৰাজ্য চৰকাৰে যি সময়ত বিভিন্ন চৰকাৰী ভূমি তথা বনাঞ্চল সমূহৰপৰা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে তেনে সময়তে ছশ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱ বহনকাৰী চৰাইদেউৰ বৃহৎ অঞ্চলত বেদখল চলাৰ তথ্য পোহৰলৈ আহিছে।
স্থানীয় লোকৰ দ্বাৰাই চৰাইদেউ মৈদাম ক্ষেত্ৰৰ লগতে চৰাইদেউ দেওশাল তথা প্ৰথমজনা আহোম স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ মৈদামৰ মাটি বেদখলকাৰীৰ কবলত থকা বিষয়টোৱে চৰ্চা লাভ কৰিছে।
সম্প্ৰতি বেদখলকাৰীৰ কবলত আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানী চৰাইদেউৰ বহু বিঘা মাটি। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবে আহোম ৰাজত্বকালৰ বহু কীৰ্তিচিহ্ন আজি উপযুক্ত সংৰক্ষণৰ অভাৱ ঘটাই নহয় ধ্বংসৰ গৰাহত পৰি বিলুপ্তি ঘটিছে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ কাণসাৰ নথকা বাবে অৱহেলিত, অনাদৃত, অসংৰক্ষিত তথা এলাগী হৈ পৰি ৰৈছে চৰাইদেউত আহোম ৰাজত্বকালৰ ঐতিহ্য।
লগতে পঢ়কঃমৰাণত ভেকচিন দিবলৈ অভিযানত নামিল জিলা উপায়ুক্ত
এই সন্দৰ্ভত বিভিন্ন দল-সংগঠনে বিভিন্ন সময়ত চৰকাৰৰ দৃষ্টিগোচৰ কৰি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াত চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই স্থানীয় ৰাইজৰ সহযোগত দেওশালখন হাবি-জংঘলৰপৰা মুকলি কৰি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
কিন্তু অতি পৰিতাপৰ কথা যে, দেওশাল আৰু লাংকুৰী দৌলৰ বৃহৎ এলেকা একাংশ লোকে বেদখল কৰি উক্ত স্থানত চাহ বাগিচা স্থাপন কৰাৰ লগতে দেওশালৰ মাটি ব্যক্তিগত ম্যাদী পট্টাৰ মাটি বুলি দাবী জনাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ঐতিহাসিক ঠাইখনৰ বেদখলমুক্ত তথা চৰাইদেউৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক ব্ৰেণ্ড এম্বেছেদৰ হিচাপে নিয়োজিত কৰিছে চৰাইদেউ আমাৰ গৌৰৱ সংস্থাই।