অসম আৰক্ষীত বৃহৎ সালসলনি

নিউজ ডেস্ক: নির্বাচন আয়োগৰ অনুমোদনমর্মে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে অসম আৰক্ষীৰ শীর্ষ পর্যায়ত সালসলনি ঘটাইছে৷ সেই অনুসৰি অসম আৰক্ষীৰ টি এ পি শাখাৰ বিশেষ সঞ্চালকপ্রধান ড০ এল আৰ বিষ্ণইক বিটিআৰৰ আই জি পি হিচাপে কোকৰাঝাৰলৈ বদলি কৰা হৈছে৷ একেদৰে অসম আৰক্ষীৰ টি এ পি শাখাৰ আইজিপি বিনোদ কুমাৰক ৰাজ্যিক অগ্ণিনির্বাপক সেৱাৰ আইজিপি হিচাপে বদলি কৰা হৈছে৷

বিটিআৰৰ আইজিপি অনুৰাগ আগৰৱালক টি এ পিৰ আইজিপি হিচাপে বদলি কৰা হৈছে৷ অসম আৰক্ষীৰ এআইজিপি (প্রশাসন) এন ভি চন্দ্রকান্তক তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে৷ চিআইডিৰ ডিআইজি লাচিত বৰুৱাক সীমান্ত শাখাৰ ডিআইজি হিচাপে বদলি কৰা হৈছে৷ শিলচৰৰ ডিআইজি দিলীপ কুমাৰ দে’ক বঙাইগাঁৱৰ ডিআইজি হিচাপে বদলি কৰা হৈছে৷ বঙাইগাঁৱৰ ডিআইজি দেৱজ্যোতি মুখার্জীক শিলচৰৰ ডিআইজি হিচাপে বদলি কৰা হৈছে৷ লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) শান্তনু কুমাৰ দত্তক গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) হিচাপে বদলি কৰা হৈছে৷

অসম–নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৰ বিশেষ আৰক্ষী অধীক্ষক প্রাঞ্জল বৰাক লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) হিচাপে বদলি কৰা হৈছে৷ লখিমপুৰৰ উপ–আৰক্ষী অধীক্ষক (ডিএছপি) তিলক দাসক শদিয়াৰ উপ–আৰক্ষী অধীক্ষক (সদৰ) হিচাপে বদলি কৰা হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply