নিউজ ডেস্কঃ পৰিৱেশ সংৰক্ষণৰ দিশত সজাগতা সৃষ্টিৰ বাবে নিৰ্বাচন আয়োগে লৈছে বিশেষ পদক্ষেপ। অসম বিধানসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি নিৰ্বাচন আয়োগে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ভোটাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে বিশেষ কাৰ্যসূচী হাতত লৈছে ।
নিৰ্বাচন আয়োগৰ উদ্যোগত বঙাইগাৱঁত গছপুলি ৰোপণৰ বিশেষ কাৰ্যসূচী হাতত লয়।

শুকুৰবাৰে ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ সোণালী বান্দৰৰ বিচৰণভূমি কাকৈজানা সংৰক্ষিত বনাঞ্চলত গছ পুলি ৰোপন কৰি “ইণ্ডিয়া বুক অব ৰেকৰ্ডচ”ত স্থান লাভ কৰিবলৈ সক্ষম হয়।
৩২ মিনিটত ৩২ হাজাৰ গছ পুলি ৰোপনৰ লক্ষ্য লৈ ২৯ মিনিটত সমাপ্ত কৰিলে গছ পুলি ৰোপন।

২৯ মিনিটত ৩২ হাজাৰ গছ পুলি ৰোপন কৰি “ইণ্ডিয়া বুক অব ৰেকৰ্ডচ”ত স্থান পাবলৈ সক্ষম হয়।
এই কাৰ্যসূচীত সমষ্টিটোৰ একাধিক ভোটাৰ ৰাইজে অংশগ্ৰহণ কৰে।
এই কাৰ্যসূচীৰ থীম আছিল ’“Grow with Democracy”. নিৰ্বাচন আয়োগৰ এই সজাগতা কাৰ্যসূচীত অঞ্চলটোৰ বহু পুৰুষ মহিলাই অংশ লৈ কাৰ্যসূচীটো সফল কৰাত বিশেষ সহযোগিতা আগবঢ়াই।
আৰু পঢ়কঃ এতিয়াৰে পৰা ৰেলত চাৰ্জ দিব নোৱাৰিব ম’বাইল ফোন,লেপটপ