নিউজ ডেস্কঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰক্ষী, চিআৰপিএফ, হোমগাৰ্ড, এনএছগোট, অসম বেটেলিয়ানে অনুষ্ঠিত কৰিছে মাৰ্চপাষ্ট।

বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে হাটশিঙিমাৰীৰ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হৈছে এই মাৰ্চপাষ্ট।

আজি পুৱা ৮ বজাত অনুষ্ঠিত এই মাৰ্চপাষ্টত জিলা উপায়ুক্ত পল্লৱী সৰকাৰ, 26 আইআৰ বেটেলিয়ান কমাণ্ডেন্ট সুমন চক্ৰৱৰ্তীৰ লগতে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলো উপস্থিত থাকে। 

উল্লেখ্য যে, এই মাৰ্চপাষ্টৰ দলটোৱে হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰৰ পৰা আৰম্ভ কৰি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখেদি হাটশিঙিমাৰী-মানকাচৰ পথেৰে হাটশিঙিমাৰীস্থিত ভাৰতীয় ষ্টেট বেংক লৈ এক শোভাযাত্ৰা কৰি পুনৰ মহাবিদ্যালয় খেল পথাৰত উপস্থিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply