স্মৃতি প্ৰিয়া লাহন, টীয়ক: দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে বিয়লি শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহন কৰে।

এই উপলক্ষ্যে আয়োজিত সভাত উপস্থিত থাকি তাৰ পৰাই ভাৰ্চুৱেলী যোৰহাটৰ টীয়কৰ ঐতিহাসিক লাচিত বৰফুকনৰ মৈডাম প্ৰাংগণত ৫০ বিঘা ভূমিত লাচিত বৰফুকন মৈডাম উন্নয়ন প্ৰকল্পৰ কামৰ শুভাৰম্ভ কৰে ।

টীয়কত লাচিত বৰফুকন সমাধিক্ষেত্ৰত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বুৰঞ্জীবিদ দয়ানন্দ বুঢ়াগোহাঁই, টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভৰালী প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ সকলো বিষয় ববীয়া ।

ইয়াকে লৈ এতিয়া সমগ্ৰ যোৰহাটবাসী লগতে হোলোঙাপাৰ বাসী উৎফুল্লিত হৈ পৰিছে। নতুন আঁচনিৰ অধীনত লাচিত বৰফুকনৰ মৈদামটো আটক ধুনীয়াকৈ সজাই তোলাৰ লগতে লাইট-চাউণ্ডৰো ব্যবস্থা কৰিব।

লগতে পঢ়ক- ৰূপহীহাটত বিশ্বশান্তিৰ বাবে আয়োজন কৰা নামাজত উত্তপ্ত পৰিস্থিতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply