সোণাৰি: অসমীয়া জাতিৰ শৌৰ্য বীৰ্য ,কৰ্তব্য নিষ্ঠা আৰু দেশপ্ৰেমৰ গৌৰৱময় ইতিহাসৰ প্ৰতীক বীৰ লাচিত বৰফুকন ।

লাচিত বৰফুকনৰ পৰাক্ৰম আৰু ৰণকৌশলৰ ফলতেই অসমীয়া জাতিৰ স্বাভিমান ৰক্ষা পৰিছিল।আজি পৱিত্ৰ লাচিত দিৱসৰ শুভক্ষণত বীৰ পুৰুষ জনাক ৰাজ্যজুৰি লাচিত দিৱস উদযাপন কৰিছে।

ৰাজ্যৰ আন ঠাইৰ লগতে আজি সোণাৰিতো লাচিত দিৱস উদযাপন কৰা হৈছে।
টাই আহোম যুৱ পৰিষদ অসমৰ সোণাৰি আঞ্চলিক সমিতিৰ উদ্যোগত লাচিত দিৱস উদযাপন কৰা হয় ।

সোণাৰিৰ লাচিত উদ্যানস্থিত বীৰ লাচিতৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলনৰ লগতে বীৰপুৰুষজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অনুষ্ঠানত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ লগতে ভালেকেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে।
এই অনুষ্ঠানতে অহা চাৰি ডিচেম্বৰত আৰম্ভ হব লগীয়া টাই নৱবৰ্ষত চৰকাৰী বন্ধ ঘোষণাৰ দাবী তোলে টাই আহোম যুৱ পৰিষদে।

লগতে পঢ়ক-কন্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ আজি শুভ জন্মদিন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply