গুৱাহাটীঃ মহানগৰীত সংঘটিত হৈছে ডকাইতি কাণ্ড। লাচিত নগৰত বাইকেৰে অহা দুটা দুৰ্বৃত্তই ঋতুমণি গায়ন নামৰ লোকজনৰ পৰা কাঢ়ি নিয়ে ২ লাখ ৫০ হাজাৰ টকা সহ দুটা মবাইল।

ঘটনা সন্দৰ্ভত ঋতুমণি গায়নে পল্টনবজাৰ থানাত এজাহাৰ দাখিল কৰিছে।

আৰু পঢ়কঃগোলাঘাটত দিন দুপৰতে ডকাইতি কাণ্ড

আৰক্ষীয়ে ম’বাইল নম্বৰ ট্ৰেক কৰি দিছপুৰৰ বাঘেশ্বৰী মন্দিৰৰ সমীপৰ পৰা ছফিকুল হক আৰু ৰকিবুল হক ওৰফে মিৰাজ নামৰ দুজন যুৱকক সোধা-পোছাৰ বাবে আটক কৰিছে।

লগতে আৰক্ষীয়ে যুৱক দুজনৰ পৰা AS-01EH-4198 নম্বৰৰ এখন পালছাৰ ২২০ বাইক জব্দ কৰিছে।

আৰু পঢ়কঃ নগাঁৱত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড

আৰক্ষীয়ে আটক কৰা ছফিকুল নামৰ যুৱকজন ঘটনা সংঘটিত হোৱাৰ সময়ত নিজৰ কৰ্মস্থলীতে থকাৰ দাবী কৰিছে বন্ধুৱে। ছফিকুল খ্ৰীষ্টানবস্তিস্থিত ‘ৰিলায়েন্স ট্ৰেণ্ড’ত কৰ্মৰত।

এই সমগ্ৰ ঘটনাৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব বুলি উল্লেখ কৰিছে আৰক্ষীৰ শীৰ্ষ বিষয়াই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply