লখিমপুৰ, পল্লৱ মিলিঃ বীৰ লাচিত সেনাৰ প্ৰতিবাদত উত্তাল লখিমপুৰ মেডিকেল কলেজৰ চৌহদ। লখিমপুৰ মেডিকেল কলেজৰ তৃতীয় আৰু চতুর্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগত বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সমানে বৃহস্পতিবাৰে বীৰ লাচিত সেনাই মুখ্যমন্ত্রী, স্বাস্থ্যমন্ত্রী আৰু বিধায়ক মানৱ ডেকাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
মেডিকেল কলেজৰ প্ৰবেশ দ্বাৰতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাই। মুখ্যমন্ত্রী, বিধায়কে কলেজখনত স্থানীয় নিযুক্তিৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতে সেই প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ উপৰি নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী কৰাৰ অভিযোগ তুলি বীৰ লাচিত সেনাই প্ৰতিবাদ সাব্যস্ত কৰে।
এই নিযুক্তিক লৈ স্বচ্ছ প্ৰক্ৰিয়া গ্ৰহণ নকৰিলে অনাগত দিনত বীৰ লাচিত সেনাই তীব্র প্রতিবাদ অব্যাহত ৰাখিব বুলি চৰকাৰক সকীয়াই দিয়ে।