গুৱাহাটী : মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আটক মহিলা সৰবৰাহকাৰী। জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন। ধৃত মহিলা গৰাকীৰ স্বামীও ড্ৰাগছ সৰবৰাহৰ লগত জড়িত। পলাতক অৱস্থাত আছে ড্ৰাগছ সৰবৰাহকাৰী মহিলা গৰাকীৰ স্বামী নাছিৰুদ্দিন আলী।
ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষীয়ে অধিক তীব্রতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান। বিগত কিছুদিন ধৰি অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক।
বুধবাৰে কামৰূপ মহানগৰ জিলা আৰক্ষীয়ে গুৱাহাটী মহানগৰীত ড্ৰাগছ বিৰোধী অভিযান চলাই এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইন। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে লাখটকীয়াৰ ২ নং গেটত অভিযান চলাই হেৰ’ইনসহ ড্ৰাগছ সৰবৰাহকাৰী মহিলা গৰাকীক আটক কৰে।
লগতে পঢ়ক : মানকাচৰত কৃত্ৰিম বানে বুৰালে ধাননি পথাৰ : শতাধিক কৃষকৰ বিস্তৰ ক্ষতি সাধান
মহিলা গৰাকীৰ কবলৰ পৰা আৰক্ষীয়ে ২০ টাকৈ হেৰ’ইন ভৰ্তি কণ্টেইনাৰৰ লগতে তিনি শতাধিক খালী কণ্টেইনাৰ জব্দ কৰে। জানিব পৰা মতে মহিলা গৰকীয়ে স্বামী নাছিৰুদ্দিন আলীৰ লগত মিলি দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ সৰবৰাহ চলাই আছিল। মহিলা গৰকীয়ে স্বামী নাছিৰুদ্দিন আলী বৰ্তমান পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে অধিক তথ্যৰ বাবে মহিলা গৰাকীক জেৰা চলাই আছে।