দক্ষিণ শালমাৰা : ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান তীব্ৰ গতিত চলি আছে। উজনিৰ পৰা নামনিলৈকে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অসম আৰক্ষীয়ে জেহাদ ঘোষণা কৰি ইতিমধ্যে ব্যাপক সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। সমগ্ৰ ৰাজ্যতে চলা অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ লগতে জালত পৰিছে কেইবাজনো কুখ্যাত ড্ৰাগছ মাফিয়া। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ড্ৰাগছৰ ঘটিত পৰিণত হোৱা নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত অধিক তীব্ৰ গতিত চলিছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত প্ৰতিদিনে আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হৈ থকাৰ মাজতে দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষীয়ে এই বৃহৎ সাফল্য লাভ কৰে। জিলাখনৰ মানকাচৰ থানাৰ অন্তৰ্গত ঝাউডাঙ্গা গাঁৱত মানকাচৰ আৰক্ষীয়ে এক অভিযান চলাই এগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। ধৃত মহিলা ড্ৰাগছ ব্যৱসায়ী গৰাকীৰ কবলৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।
এক গোপন সূত্ৰৰ ভিত্তিত মানকাচৰ আৰক্ষীয়ে গাঁওখনৰ আলী হুছেইন নামৰ ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত অভিযান চলায়। আৰক্ষী অহা দেখি আলী হুছেইন পলায়ন কৰে যদিও আৰক্ষীয়ে ঘৰখনৰ পৰা প্ৰায় ১ কেজি গাঞ্জা , প্ৰায় ৫০ গ্ৰাম হে’ৰইন, নিচাজাতীয় আৰ ৭ টেবলেট ১৪৫০ টা জব্দ কৰি আলী হুছেইনৰ পত্নীক গ্ৰেপ্তাৰ কৰে। ধৃত মহিলা গৰাকীৰ নাম দিলৱাৰা খাতুন। আৰক্ষীয়ে আলী হুছেইনক আটক কৰাৰ বাবে ইতিমধ্যে অভিযান অধিক তীব্রতৰ কৰি তুলিছে।
লগতে পঢ়ক : বক্সাৰ শিৱ থাপালৈ ৰাজ্য চৰকাৰে আগবঢ়ালে ৩ লাখ টকা
উল্লেখ্য যে মানকাচৰৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুযোগ গ্ৰহণ কৰি ড্ৰাগছ মাফিয়াৰ এটা চক্ৰই দীৰ্ঘদিন ধৰি বাংলাদেশলৈ ড্ৰাগছৰ সৰবৰাহ কৰি চলাই আছে। ইফালে নতুন চৰকাৰখন গঠন হোৱাৰ পিছতে চৰকাৰখনে ড্ৰাগছ মুক্ত অসম গঢ়ি তোলাৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়ে। চৰকাৰৰ নিৰ্দেশৰ পিছতে ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী আৰম্ভ কৰিছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীও ভাৰত-বাংলাদেশ সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অধিক তীব্রতৰ কৰি তুলিছে বুলি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰয় জানিবলৈ দিয়ে।