গুৱাহাটী : অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ৰাজ্যৰ প্ৰান্তে প্রান্তে তীব্রতৰ কৰি তুলিছে অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান। সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰী গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চল সমূহত ড্ৰাগছৰ বিৰুদ্ধে অধিক সক্ৰিয় হৈ উঠিছে আৰক্ষী।
বিগত কিছুদিন ধৰি ৰাজ্যৰ প্রান্তে প্রান্তে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে অবৈধ ড্ৰাগছৰ বেহাৰ লগত জড়িত থকা কেইবাজনো লোকক। সমগ্ৰ ৰাজ্যৰ আৰক্ষীৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ সষ্টম হৈ উঠিছে আজাৰা আৰু পলাশবাৰী আৰক্ষী।
বৰঝাৰ বিমানবন্দৰৰ সমীপত দক্ষিণ কামৰূপৰ বঙৰাত দেওবৰে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায় আজাৰা, পলাশবাৰী আৰু কাহিকুছি আৰক্ষীয়ে। বঙৰাত ঘৰৰ পৰাই ড্ৰাগছৰ বেহা চলোৱা এগৰাকী মহিলাক আটক কৰাৰ লগতে ড্ৰাগছৰ টেবলেট আৰু কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে। ধৃত মহিলা গৰাকীৰ ঘৰৰ পৰাই অঞ্চলটোত দীর্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল।
লগতে পঢ়ক : মাহমৰা সমষ্টিত ক’ভিড আক্ৰান্তৰ স্বাস্থ্যৰ বুজ ললে মন্ত্ৰী যোগেন মহনে
বৰ্তমান মহিলাগৰাকীক লগত লৈ আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত অভিযান চলাই থকা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ অভিযানত ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত বহু লোক জালত পৰাৰ আশা প্ৰকাশ কৰিছে আৰক্ষীয়ে।