লাহৰীঘাটঃ আজি অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকা মাজতে লাহৰীঘাটত উত্তপ্ত পৰিস্থিতি।
ভোটাৰ আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা।
ভোটকেন্দ্ৰত শাৰী পতাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।
ভূৰাগাওঁ বালিকা বিদ্যালয় ভোটকেন্দ্ৰত সংঘটিত হয় এই ঘটনা।
এই ঘটনাত এজন আৰক্ষী জোৱান আহত হয়।
পৰৱৰ্তী সময়ত শান্ত হয় পৰিস্থিতি।