লাহৰীঘাটঃএফালে কভিডৰ ভয়াবহতা আৰু তাৰে গইনা লৈ একাংশ অসাধু চক্ৰই লুন্ঠন কৰিছে সৰ্বসাধাৰণ ৰাইজক।
কৰোনা মহামাৰীৰ সংহাৰৰ মাজতে ৰাজ্যত অভাৱনীয় মূল্যবৃদ্ধি। মূল্যবৃদ্ধিয়ে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক।
ৰাজ্যত এছ অ’ পি কাৰ্যকৰী হোৱাৰ পিছতে হঠাৎ এইদৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হোৱাত আজি মূল্যবৃদ্ধিৰ বিৰুদ্ধে লাহৰীঘাটত প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে।
ব্যৱসায়ীয়ে নিজ ইচ্ছা মতে বৃদ্ধি কৰিছে সামগ্ৰীৰ মূল্য।
আৰু পঢ়কঃ বটদ্ৰৱা থান পৰিচালনা সমিতি,ভকত-বৈষ্ণৱক কভিড ভেকচিন প্ৰদান
মূল্যবৃদ্ধিৰ লগত জড়িত দুষ্টচক্ৰক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক আহ্বান জনাইছে লাহৰীঘাট আমছুৱে।
লামডিঙতো অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পোৱাত স্থানীয় লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
কৰোনা পৰিস্থিতিৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি কৰি লুণ্ঠন অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে সচেতন গ্ৰাহকে।
লামডিংত চাউল, দাইল, মিঠাতেল, ৰিফাইন তেলক ধৰি প্ৰায় সকলো খাদ্য বস্তুৰ মূলবৃদ্ধি হৈছে যাৰ ফলত সাধাৰণ ৰাইজ সমস্য়াত পৰিবলগীয়া হৈছে ।
কিন্তু এতিয়াও কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ যোগান বিভাগ।
এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু যোগান বিভাগক উচিত পদক্ষেপ ল’বলৈ দাবী জনাইছে সচেতন ৰাইজে।
আৰু পঢ়কঃজিলা অতিৰিক্ত আৰক্ষী অধীক্ষকে গ্ৰহণ কৰিলে কভিডৰ দ্বিতীয় পালি ভেকচিন