ৰঙালী বিহুলৈ হাতত কেইটা মান দিন।দেওবাৰে চানমাৰি খেলপথাৰত পৰম্পৰাগত ৰীতি নীতিৰ মাজৰে ৬১ সংখ্যক পূৱ গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰা হয়। লাইখুঁটা স্থাপন কৰে বিহু সন্মিলনৰ উপদেষ্টা মৃদুল বেজবৰাই ।
অহা ১৪ ৰ পৰা ১৭ এপ্ৰিললৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব পূব গুৱাহাটী বিহু সন্মিলন ।

এইবাৰৰ বিহু সন্মিলনৰ বাবে প্ৰায় ৪০ লাখ টকাৰ বাজেট ধাৰ্য কৰা হৈছে। সন্মিলনৰ সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই আজি লাইখুটা স্থাপন অনুষ্ঠানত কয় পূব গুৱাহাটী বিহু সন্মিলনত থলুৱা সংস্কৃতি আৰু নৱ-প্ৰজন্মক সুযোগ দিয়া হ’ব । বিহু মঞ্চত জাতীয় সাজপাৰ পৰিধান কৰিহে শিল্পীসকলে অনুষ্ঠান পৰিৱেশন কৰিব পাৰিব ৷ লগতে এই বিহু মঞ্চত হিন্দী গীত পৰিৱেশন কৰিব নোৱাৰিব বুলিও মন্তব্য কৰে।

পূৱ গুৱাহাটী বিহু সন্মিলনিৰ বিহু মঞ্চত ১৪ এপ্ৰিলত শ্ৰেষ্ঠ বিহু হুঁচৰি দল, শ্ৰেষ্ঠ বিহু নাচনী আৰু অসম বিহুৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব । লগতে ১৫ এপ্ৰিলত খেল-ধেমালি আৰু চিত্ৰাংকন প্ৰতিযোগীতা, মহিলাৰ প্ৰতিযোগীতা, অসম বিহুৱতী, শ্ৰেষ্ঠ ঢুলীয়া আৰু শ্ৰেষ্ঠ পেঁপা বাদন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । ১৬ আৰু ১৭ এপ্ৰিলতহ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে অংশ ল’ব। আনহাতে ১ এপ্ৰিলৰ পৰা এই চানমাৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰৰ বাকৰিত আৰম্ব হ’ব বিহু কৰ্মশালা ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply