পল্লব মিলি, লখিমপুৰঃ লখিমপুৰ জিলাৰ নাওবৈচাত আমছুৰ পথ অৱৰোধ কাৰ্যসূচী। জিলাখনৰ জৰাজীৰ্ণ বাট-পথৰ মেৰামতি তথা পুনৰ নিৰ্মাণ, বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ উপযুক্ত ক্ষতিপূৰণৰ লগতে শৈক্ষিক উন্নয়নৰ স্বাৰ্থত ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তিৰ দাবীত আমছুৱে সাব্যস্ত কৰে প্ৰতিবাদ।

অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মূল্যবৃদ্ধি ৰোধ কৰক, সংখ্যালঘূৰ নামত প্ৰতাৰণা নচলিব আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। সবকা সাথ সবকা বিকাশৰ কথা কোৱা চৰকাৰখনে সংখ্যালঘুক সৰ্বত্তে প্ৰতাৰণা কৰি আহিছে বুলিও কয় আমছুৱে।

ৰাজ্যিক পথ অৱৰোধ কৰাৰ পাছতো যদি চৰকাৰখনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে তেন্তে অনাগত দিনত ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply