লখিমপুৰঃ লখিমপুৰৰ মৈদমীয়াত ভয়ঙ্কৰ পথ দুৰ্ঘটনা। উত্তৰ লখিমপুৰ টাউনৰ পৰা ৰংপুৰীয়া গাঁৱৰ অভিমুখে গৈ থকা এখন ই-ৰিক্সাক বিপৰীত দিশৰ পৰা অহা এখন উইংগাৰে মহতিয়াই লৈ যায়। দুৰ্ঘটনাত থিতাতে নিহত হয় ই-ৰিক্সা খনৰ চালক। নিহত লোকজন মৈদমীয়া গাওঁৰ মইনুদ্দিন আলি ওৰফে জিতু বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃবিশ্ব চাহ দিৱস উপলক্ষে টীয়কত বিনামূলীয়াকৈ জৈৱিক গ্ৰীণ টি বিতৰণ

আনহাতে উইংগাৰখনত থকা দুজন যাত্ৰী আৰু চালকক সংকটজনক অৱস্থাত লখিমপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনা সংঘটিত কৰা উইংগাৰখনৰ নম্বৰ এ আৰ ০৮বি ২৬৯০ আৰু ই-ৰিক্সা খনৰ নম্বৰ এ এছ ০৭ ইআৰ ০৩৭৮। ইতিমধ্যে ই-ৰিক্সাখনৰ চালকৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে LMCH লৈ প্ৰেৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply