লখিমপুৰঃ পুৱাই লখিমপুৰ জিলাৰ বৰবালিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। লখিমপুৰৰ তাতিপাহৰ পদ্মপুৰৰ জয়ন্ত দত্ত নামৰ যুৱকজনে কৰ্মস্থলী ইটানগৰৰ পাপু নলাৰ পৰা নিজ ঘৰৰ অভিমুখে স্কুটীৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই এটা বৃহৎ কেকুৰীত থকা বিদ্যুতৰ খুটাত খুন্দা মাৰে। দুৰ্ঘটনাত থিতাতে নিহত হয় জয়ন্ত দত্ত ।
দুৰ্ঘটনা সংঘটিত হোৱা স্কুটীখনৰ নম্বৰ এএছ ০৭পি ৯৯৯৮। ইতিমধ্যে বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।