পল্লৱ মিলি,লখিমপুৰঃ লখিমপুৰ জিলাৰ লালুক আৰক্ষী থানাৰ অন্তৰ্গত ডুবিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় অমৃত বৰজাৰ নামৰ এজন বাইক আৰোহী।
মটৰচাইকেলখনত অহা শিশুসহ আন এগৰাকী আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখন।
দুৰ্ঘটনাস্থলীত লালুক আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত শিশু আৰু আনজন আৰো ততাতৈয়াকৈ লালুক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । দুৰ্ঘটনা সংঘটিত কৰা অচিনাকি বাহনৰ সন্ধান বৰ্তমানলৈকে আৰক্ষীয়ে লাভ কৰিব সক্ষম হোৱা নাই।