পল্লব মিলি, লখিমপুৰঃ লখিমপুৰ জিলাৰ মইনাপৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দূৰ্ঘটনা। এই দূৰ্ঘটনাত থিতাতে নিহত হয় এজন ব্যক্তি। নিহত ব্যক্তিজন বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ কুলাবালিৰ পদ্মধৰ চুতীয়া বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, মইনাপৰাৰ পৰা চাইকেল লৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নিজ বাসগৃহলৈ উভতি যোৱাৰ পথত সংঘটিত হয় এই পথ দূৰ্ঘটনাটো।

লখিমপুৰৰ পৰা ধেমাজি অভিমুখী এখন তীব্ৰবেগী অৰুণাচলী গাড়ীয়ে খুন্দিয়াই থৈ যোৱাৰ ফলত ঘটনাস্থলীতে নিহত হয় ব্যক্তিজন। জানিব পৰা অনুসৰি নিহত পদ্মধৰ চুতীয়া কুলাবালি মডেল এম ই স্কুলৰ ৰান্ধনি হিচাপে কৰ্মৰত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply