- লখিমপুৰ বাইপাছত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
- বাইপাছৰ চাবতি ৰঙাজান চাৰিআলিত সংঘটিত হৈছে এই দুৰ্ঘটনা।
- এখন অৰুণাচলী নম্বৰ বিহীন টাটা মোবাইল বাহনে এগৰাকী স্কুটী আৰোহীক মহটীয়াই নিয়ে।
- এই দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈছে স্কুটী আৰোহীগৰাকী।
- আহত লোকজনক স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।
- কিন্তু হাস্পতালত মৃত্যু হয় আহত স্কুটী আৰোহীগৰাকীৰ।
- স্কুটী আৰোহী গৰাকী চাবতিৰ জ্যোতিৰেখা দলে(৪৫) বুলি জানিব পৰা গৈছে।
লখিমপুৰত তীব্ৰবেগী টাটা মোবাইল বাহনৰ খুন্দাত নিহত স্কুটী আৰোহী
নিহত স্কুটী আৰোহীগৰাকী চাবতিৰ জ্যোতিৰেখা দলে
