লখিমপুৰঃ লখিমপুৰ জিলাৰ ঘূণাসুঁতিত অনুষ্ঠিত হোৱা সোৱণশিৰী আঞ্চলিক সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰথম পঞ্চবাৰ্ষিক অধিৱেশনৰ অনুষ্ঠানত ক্ষোভ প্ৰকাশ ব্যৱসায়ী সন্থাৰ।

সমবায় সমিতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ সুলভ মূল্যৰ ব্যৱসায়ীক সন্থাৰ। প্ৰতিটো মাহতে গ্ৰাহক সকলে যিমান পৰিমাণৰ চাউল পাব লাগে ইমান পৰিমাণৰ দিব নোৱাৰাৰ বাবেও দুখ প্ৰকাশ কৰিছে ব্যৱসায়িক সন্থাই ।
জানিব পৰা অনুসৰি সমবায় সমিতিয়ে সুলভ মূল্যৰ দোকানী সকলক সম্পূৰ্ণ চাউল নিদিয়াৰ বাবে গ্ৰাহক সকলক সুলভ মূল্যৰ দোকানীয়ে সম্পূৰ্নকৈ দিব পৰা নাই বুলিও প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত।

লগতে পঢ়কঃমানকাচৰৰ ঝালৰচৰ কুটিৰঘাটত বাংলাদেশী গৰু ব্যৱসায়ী গ্ৰেপ্তাৰ

অসমৰ মুখ্যমন্ত্ৰীয়ে সুলভ মূল্যৰ দোকানী সকলে ১০০গ্ৰাম চাউল কমকৈ দিলে জেললৈ যোৱাৰ কথা প্ৰকাশ কৰি দোকানী সকলক চুৰ বুলি আখ্যা দিয়াৰ বাবে তাৰ প্ৰত্য়োুত্তৰ দিলে সুলভ মূল্যৰ ব্যৱসায়ীক সন্থাৰ ৰাজ্যিক সমিতিৰ সভাপতি ধৰণীধৰ বৰাই।

লগতে দোকানী সমূহৰ যি প্ৰাপ্য আছে চৰকাৰে অতি শীঘ্ৰে মুকলি কৰি দিবলৈও অনুৰোধ কৰে।
দোকানী সকলৰ প্ৰাপ্যসমূহ মুকলি কৰি নিদিলে প্ৰতিবাদ সাব্যস্ত কৰাৰো হুংকাৰ দিয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply