লখিমপুৰৰ পৰা পল্লব মিলিঃ ঐনিতমৰ সুৰেৰে মুখৰিত হৈ পৰিছে মিৰিজীয়ৰী দেশ ঘূণাসুঁতি।

ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনজাতীয় লোকসকলে উদযাপন কৰিব আলি-আয়ে-লৃগাং।

ৰিবি গাচেং পিন্ধি গুমৰাগ নাচিবলৈ সাজু মিৰিজীয়ৰী দেশৰ কনেঙসকল। আলি আয়ে লৃগাঙলৈ মাজত মাথোঁ কেইটামান দিন বাকী।

ডেকা-গাভৰুকে ধৰি বৃদ্ধলৈকে ঘূণাসুঁতিত আনন্দ উৎসাহ।

লগতে পঢ়কঃলতা মংগেশকাৰলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন নদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ

অসমৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ ঘূণাসুঁতিতো মিচিং সম্প্ৰদায় লোকসকলে কৃষিজীৱী উৎসৱ আলি আয়ে লৃগাং উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।

লখিমপুৰ জিলাৰ ঘূণাসুঁতিত মাংগলিক পৰম্পৰাৰে লৃগাঙৰ বাবে লাইখুঁটা স্থাপন কৰে ।

অহা ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব কৃষিভিত্তিক উৎসৱ আলি আ:য়ে লৃগাং ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply