পল্লব মিলি, লখিমপুৰ: লখিমপুৰত আলি আঃয়ে লৃগাংৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। মিচিং জনগোষ্ঠীৰ প্ৰাণৰ কৃষিজীৱি উৎসৱ আলি আ:য়ে লৃগাং ।
ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং সম্প্ৰদায় লোকে উদযাপন কৰে আলি আয়ে লৃগাং । উল্লেখ্য যে, উত্তৰ লখিমপুৰত এইবাৰ আলি আ:য়ে লৃগাং উদযাপন কৰা ৫০ বছৰ পূৰ্ণ হ’ব।
এই বাবে সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে এতিয়াৰে পৰা ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে। সোণালী জয়ন্তী কেন্দ্ৰীয় আলি আয়ে লৃগাঙৰ উদযাপনৰ বাবে উত্তৰ লখিমপুৰৰ কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ মুৰং উকুম লত্তাত আজি মাংগলিক নীতি নিয়মৰে লাইখুটা স্থাপন কৰা হয়।