লখিমপুৰঃ লখিমপুৰৰ কদমৰ পৰা মহিলাসহ গ্ৰেপ্তাৰ ৬ নকল সোণ ব্যৱসায়ী। বগীনদী আৰক্ষীয়ে ব্যৱসায়ীকেইজনৰ পৰা এখন বাহনো জব্দ কৰিছে।

নকল সোণ, নকল টকা আৰু সকলোবোৰ চোৰাং ব্যৱসায়ৰ ঘাটি স্বৰূপ লখিমপুৰ জিলাৰ লালুক আৰক্ষী থানাৰ অন্তৰ্গত নাওবৈচাৰ পৰা ক্ৰমে বগীনদীলৈ শিপাবলৈ লোৱা এই চোৰাং বেহাৰ আৰম্ভণিতে উৎখাত কৰিবলৈ সক্ষম হয় বগীনদী আৰক্ষীয়ে।

লগতে পঢ়কঃসংবাদ পৰিবেশনক লৈ চিচিবৰগাও আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ ভাবুকি, গোচৰ ৰুজু

লখিমপুৰ জিলাৰ কদম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পৰা নকল সোণ ক্ৰয় কৰিবলৈ অহা পশ্চিম বংগৰ স্বপন দেৱনাথ, লগতে নকল সোণ বিক্ৰী চক্ৰৰ দলটোৰ মাছুমা বেগম, খাজানুৰ ৰহমান, জামালুৰ ৰহমান আৰু আতাউৰ ৰহমানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও নকল সোণ বিক্ৰী চক্ৰটোৰ অন্যতম অভিযুক্ত তথা ঘটনাস্থলীত জব্দ কৰা, AR 01E 6025 নম্বৰৰ ইয়ন গাড়ীখনৰ চালক ৰিয়াজুল ইছলাম পলাই যাবলৈ সক্ষম হয়।
দলটোৰ পৰা আৰক্ষীয়ে কেইবাখনো আপত্তিজনক নথি-পত্ৰৰ জব্দ কৰে।

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা নকল সোণৰ ক্ৰেতা- বিক্ৰেতা দলটোক লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকে সোধপোচ কৰি ঘটনাসন্দৰ্ভত তদন্তৰ চলাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply