পল্লৱ মিলি, লখিমপুৰঃ লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ পাছত আজি উচ্ছেদিত লোকসকলৰ শিবিৰত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।
লখিমপুৰ জিলা প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ পাছত উচ্ছেদিত লোক সকলৰ খবৰ ল’বলৈ আহি ৰাইজৰ ৰোষত পৰিল নাওবৈচা বিধান সভা সমষ্টিৰ বিধায়ক ভৰত নৰহ।
উচ্ছেদিত লোক সকলে ক্ষোভ প্ৰকাশ কৰাৰ লগতে ভৰত নৰহ গ’বেগ শ্লগান দিয়ে।। লগতে ভৰত নৰহ কাম নাই আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।
নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰি ভৰত নৰহে বিপদৰ সময়ত খবৰ ল’বলৈ আহৰি নোপোৱা বুলি কয় ক্ষোভিত লোক সকলে।