লখিমপুৰঃ গৰৈমাৰী দঞি প’ল উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত ভীমপৰা মণ্ডল সমল কেন্দ্ৰ আৰু স্থানীয় সংস্কৃতিপ্ৰেমী ৰাইজৰ সহযোগত দ্বিতীয় বাৰ্ষিক বসন্ত আদৰণি উৎসৱ অনুষ্ঠিত কৰা হয়।

গৰৈমাৰী কৃষ্টি বিকাশ কেন্দ্ৰত ভীমপৰা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ সহযোগত এই অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত ছাত্ৰী সকলৰ মাজত বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়।

লগতে পঢ়কঃপূব মঙলদৈ আদৰ্শ বিদ্যালয়ত প্ৰাক ৰঙালী বিহু উদযাপন

সমগ্ৰ অনুষ্ঠানৰ আঁত ধৰে শিক্ষক অনন্ত গগৈ আৰু ভীমপৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ধীৰুমণি শইকীয়াই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ প্ৰাথমিক শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিনোদ মৰাং। বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলে অনুষ্ঠান পৰিৱেশন কৰে।

এই অনুষ্ঠানত ভীমপৰা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ধীৰেণ সোণোৱাল, সম্পাদক দ্বীপেন মানকে ধৰি লখিমপুৰ শিক্ষা খণ্ডৰ বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply