লখিমপুৰঃ লখিমপুৰত সাংস্কৃতিক মন্ত্রী বিমল বৰাৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ। অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে নগৰৰ মাজ মজিয়াত দাহ কৰে বিমল বৰাৰ পুত্তলিকা। বিহুক বিকৃত ৰূপত উত্থাপন কৰাৰ অভিযোগত এই প্ৰতিবাদ।

উল্লেখ্য যে, মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্রাহীম মহম্মদ চলিহ দিল্লীলৈ অহাৰ সময়ত দিল্লীৰ পালম বিমান বন্দৰক বিহুৰে আদৰণি জনোৱা হৈছিল। কিন্ত বিহুক উত্থাপন কৰা হৈছিল বিকৃত ৰূপত। সাজ পোচাকৰ পৰা বিহুৰ শৈলীলৈকে সকলো বিকৃত ৰূপত উপস্থাপন কৰা হয়।

এই লৈ ৰাজ্যৰ সাংস্কৃতিক মন্ত্রীৰ ব্যৰ্থতাৰ প্ৰতিবাদ জনাই মঙলবাৰে অসমীয়া যুৱ মঞ্চই মন্ত্রীজনৰ পুত্তলিকা দাহ কৰে।বিহুক অপমান কৰা সহ্য কৰা নহ’ব বুলি হুংকাৰ দি মন্ত্রী বিমল বৰাৰ পদত্যাগৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply