লখিমপুৰঃ লখিমপুৰ জিলাৰ লালুকত বিজেপি কৰ্মীৰ আত্মহত্যা। সোমবাৰে পুৱা নিজ বাসগৃহৰ এটা পৰিত্যক্ত কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ মিঠুৰঞ্জন দাস নামৰ বিজেপি কৰ্মীজনৰ মৃতদেহ।
বিজেপি নেতা জনৰ মৃতদেহৰ কাষত উদ্ধাৰ কৰা হৈছে তিনি পৃষ্ঠাৰ এখন চুইচাইড নোট।
ঋণ-ধাৰত পোত গৈ অৱশেষত জীৱনৰ এই কঠোৰ চৰম সিদ্ধান্ত বাছি লোৱাৰ শিহৰণকাৰী বৰ্ণনা উল্লেখ কৰা আছে এই ছুইচাইড নোটখনত।
লগতে পঢ়কঃছিপাঝাৰত ধোঁৱাচাঙত উঠিল জলজীৱন আঁচনি
মিঠুৰঞ্জন দাসে সুদত টকা লৈ আন এগৰাকী সহযোগী বিজেপি কৰ্মীৰ সৈতে লালুক মহাবিদ্যালয়ৰ কোভিড কেয়াৰ কেন্দ্ৰৰ খাদ্যৰ যোগান ধৰিছিল । তাৰ বিনিময়ত চৰকাৰী পক্ষৰ পৰা পাবলগীয়া আছিল ১৭ লাখকৈ টকা। এনেদৰে সুদৰ ওপৰত টকা লৈ তেওঁ বিভিন্ন জন লোকৰ সৈতে কৰিছিল ঠিকাৰ কাম।
সেই সমূহৰো পাবলগীয়া লাখ-লাখ টকা নাপালে মিঠুৰঞ্জন দাসে। তীব্ৰ আৰ্থিক সংকট আৰু মানসিক চাপত ভুগি অৱশেষত এই চূড়ান্ত সিদ্ধান্ত ল’লে বিজেপিৰ এই গৰাকী কৰ্মীয়ে।
খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত লালুক আৰক্ষী, দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।