লখিমপুৰঃ বনভূমিৰ বেদখল ৰোধ, বন্যপ্ৰাণীৰ আবাসভূমিৰ সূৰক্ষা, বণ্যপ্ৰাণীৰ সংৰক্ষণ তথা বনাঞ্চল ধ্বংস ৰোধত চূড়ান্তভাৱে ব্যৰ্থ হৈ অহা ৰাজ্য চৰকাৰখনে চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসী ভূমিকাৰ বিপৰীতে প্ৰদৰ্শন কৰি অহা আত্মসমৰ্পণকাৰী ভূমিকাৰ পৰিণতিত লখিমপুৰ জিলাৰ কাকৈ বনাঞ্চলৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী ৰাজগড় বঙালিত পুনৰ আন্তঃৰাজ্যিক সীমাক লৈ উত্তেজনাময় পৰিবেশ বিৰাজিত হৈছে। ৰাজগড় বঙালি অঞ্চলত বছৰৰ পিচত বছৰ ধৰি একাংশ অৰুণাচলী লোকে এটাৰ পিচত আনটোকৈ সংঘৰ্ষমূলক পৰিবেশ উদ্ভৱ কৰি অহাত ইয়াৰ নিবাসী অসমীয়া লোকসকলে বৰ্তমান ভীতিগ্ৰস্তহৈয়ে জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে যদিও ইয়াক লৈ অসম চৰকাৰৰ কোনো কাণসাৰ নাই।
জিলাখনৰ সীমান্তৱৰ্তী লোকসকলৰ দৰে বন বিষয়া-কৰ্মীসকলেও এতিয়া অৰুণাচলীৰ অত্যাচাৰ-উদ্ভণ্ডালীৰ বাবে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। সীমান্তৱৰ্তী ৰাজগড় বঙালিত অসমৰ ভূমিত অৰুণাচলী লোকে গৃহ তথা ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰা পৰিপ্ৰেক্ষিতত লখিমপুৰ জিলা প্ৰশাসনে ২০২০ চনত কাকৈত থকা অৰুণাচলী লোকৰ নিয়াকোম পূজাস্থলীৰ সমীপত উচ্ছেদ অভিযান চলায়। পিছে ইয়াৰ পৰৱৰ্তী সময়তো একাংশ অৰুণাচলী লোকে অসমৰ ভূমিত বেদখল অব্যাহত ৰাখিছিল যদিও কালি বিয়লিভাগত এই বেদখলে ৰাজগড় বঙালিত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰে।
জানিব পৰা মতে, কালি বিয়লি প্ৰায় দুই বজাত কেইগৰাকীমান সশস্ত্ৰ অৰুণাচলী লোক ৰাজগড় বঙালি গাঁৱত উপস্থিত হয় আৰু পূৰ্বৰে পৰা পতিত অৱস্থাত চণ পৰি থকা অসমৰ প্ৰায় ২০০ হেক্টৰৰো অধিক ভূমিত ধানখেতি কৰিবলৈ বুলি ট্ৰেক্টৰেৰে হাল বোৱাৰ লগতে কঠীয়া ৰোৱা কামো আৰম্ভ কৰে। এই ঘটনাই সম্প্ৰতি সমগ্ৰ অঞ্চলটোতে চেঁপা উত্তেজনা সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত আজি পুৱাৰভাগত অৱগত হৈ উক্ত বেদখলী অংশত লখিমপুৰৰ বন প্ৰাধিকাৰী, আঞ্চলিক বন বিষয়া, উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়া, মণ্ডল আৰু এটা আৰক্ষীৰ দল গৈ উপস্থিত হয় আৰু পৰিবেশটো পৰ্যবেক্ষণ কৰে। বাতৰি লিখা পৰলৈকে অঞ্চলটোত কোনো ধৰণৰ সংঘৰ্ষ সৃষ্টি হোৱা নাই যদিও লখিমপুৰৰ আৰক্ষী প্ৰশাসনক অঞ্চলটোৰ ওপৰত পূৰ্ণ নিৰীক্ষণ ৰাখিবলৈ জিলা উপায়ুক্তই নিৰ্দেশ জাৰি কৰা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত কাকৈ বনাঞ্চল সূৰক্ষাৰ দায়িত্বত নিয়োজিত খণ্ড বন বিষয়া তাৰানাথ তামুলীয়ে কাকৈত অসমৰ বনভূমিত অৰুণাচলী লোকে ধাৰাবাহিকভাৱে অব্যাহত ৰখা অবাধ বেদখলৰ কথা স্বীকাৰ কৰি এই বেদখল প্ৰতিৰোধৰ ক্ষেত্ৰত জিলাখনৰ বন বিভাগটো অপাৰগ বুলিহে জানিবলৈ দিছে। খণ্ড বন বিষয়া গৰাকীৰ মতে, অসম চৰকাৰে বন বিষয়া-কৰ্মীক বন সুৰক্ষাৰ বাবে সম্প্ৰতি আগবঢ়োৱা আঁওপুৰণী থ্ৰি নট থ্ৰি ৰাইফলসমূহৰ কোনো কাম নাই আধুনিক অস্ত্ৰ-শস্ত্ৰৰে সূ-সজ্জিত বেদখলকাৰী অৰুণাচলী লোকসকলৰ ওচৰত। যি পৰ্যন্ত অসম চৰকাৰে বন বিভাগৰ আধুনিকীকৰণত গুৰুত্ব আৰোপ নকৰিব আৰু অসমৰ বনভূমিৰ সূৰক্ষাত বন বিভাগৰ প্ৰতি পৰ্যাপ্ত সহযোগিতা আগনবঢ়াব সেই পৰ্যন্ত অসমৰ বনভূমিত অৰুণাচলীৰ অবাধ বেদখল অব্যাহত থাকিব। এক কথাত ক’বলৈ গ’লে অসম চৰকাৰৰ অসহযোগিতাৰ বাবেই যে অসমৰ বন বিভাগৰ সূৰক্ষা ব্যৱস্থাক অংগুষ্ঠ প্ৰদৰ্শন কৰি অসমৰ বনভূমিত এফালৰ পৰা অৰুণাচলী একাংশ লোকে বেদখল অব্যাহত ৰখাৰ সুযোগ লাভ কৰিছে সেই কথা কাকৈৰ খণ্ড বন বিষয়া তাৰানাথ তামুলীৰ বক্তব্যতে প্ৰকাশ পাইছে।