লখিমপুৰ জিলাৰ ঢকুৱাখনাত ভয়ংকৰ অগ্নিকাণ্ড । জুইৰ লেলিহান শিখাই ততালিকে আৱৰি ধৰে অঞ্চলটো ।
নিমিষতে জ্বলি ভস্মীভূত হল বাসগৃহ, ভঁৰাল, গোহালি।
লখিমপুৰ জিলাৰ ঢকুৱাখনা মাতমৰা পঞ্চায়তৰ অন্তৰ্গত বাঞ্ছিচাপৰি গাওঁৰ ঘনকান্ত কুটুম ঘৰত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড ।
ঘৰৰ সকলো আচবাব, সম্পত্তি জ্বলি ছাই হৈ যায়।
আজি দিনৰ ভাগত সংঘটিত হয় এই অগ্নিকাণ্ড ।
জুই লগাৰ উমান পায় ততাতৈয়াকৈ স্থানীয় অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও জুই শেষ হোৱাৰ পিছতে অহা পৰিলক্ষিত হয় ।
চৰ্ট চাৰ্কিতৰ ফলত জুই লগাৰ সন্দেহ স্থানীয় লোকৰ ।
লগতে পঢ়ক – কাজিৰঙাত এনিমেল কৰিডৰৰ গইনা লৈ চলোৱা উচ্ছেদৰ বিৰোধিতাৰে ৰাইজৰ প্ৰতিবাদ