পল্লব মিলি, লখিমপুৰঃ মাথোঁ এমাহ পূৰ্বে উদ্বোধন কৰা লখিমপুৰ কৰ্কট হাস্পতালত সংঘটিত হৈছে অঘটন। হঠাৎ হাস্পতালখনৰ ফলচ চিলিং খহি পৰে। এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে নিৰাপত্তাৰক্ষীৰ।
এই ঘটনাৰ খবৰ বিয়পি পৰাৰ পাছত হাস্পতালখন আন্তঃগাঁথনি নিম্নমানৰ হোৱাৰ বাবেএই এনে ঘটনা সংঘটিত হৈছে বুলিও অভিযোগ কৰিছে একাংশ স্থানীয় লোকে। উল্লেখ্য যে, ২৮ এপ্ৰিল, ২০২২ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিব্ৰুগড়ৰ পৰাই ভাৰ্চুৱেলী এই হাস্পতালখনৰ শুভ উদ্বোধন কৰে।
লখিমপুৰৰ ৪৫ খন বিচনাযুক্ত কেঞ্চাৰ চিকিৎসালয়খনত এগৰাকী দন্ত চিকিৎসক সহ চাৰিগৰাকী চিকিৎসকে বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছে। কিন্তু তাৰ মাজতে নিম্নমানৰ আন্তঃগাঁথনিৰ ফলতেই আজি খহি পৰিল হাস্পতালৰ ফলচ চিলিং।