পল্লব মিলি, লখিমপুৰঃ ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ। লখিমপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বান্দৰদেৱাত চোৰাং গৰু কঢ়িয়াই বাহন সহ দুটা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত আন্ধাৰৰ সুযোগ লৈ অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ গৰু সৰবৰাহ কৰোঁতে এএছ ০৭ বিচি ৪৪২৭ নম্বৰৰ বাহনখন জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে ৬টাকৈ চোৰাং গৰু জব্দ কৰে।
ইফালে, গৰু কঢ়িওৱা বাহনখনৰ লগতে আটক কৰা গৰু সৰবৰাহকাৰী কেইটা ক্ৰমে- ৰাতুল বৰদলৈ আৰু কৰিম আলী। দুয়োকে বৰ্তমান সময়ত আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে।