লখিমপুৰঃ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ। লখিমপুৰৰ লালুকত আৰক্ষীয়ে জব্দ কৰে গৰু কঢ়িয়াই অনা দুখন ট্ৰাক। মুঠ ৪৯টা গৰু কঢ়িয়াই অনা হয় এই ট্ৰাক দুখনত। লালুক আৰক্ষীয়ে আটক কৰা এখন ট্ৰাক গোগামুখৰ পৰা আৰু আনখন নাওবৈচাৰ বঙালমৰাৰ পৰা অহা বুলি মন্তব্য কৰে আৰক্ষীয়ে।

নগাঁও আৰু গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাতে এই ট্ৰাক দুখন জব্দ কৰে আৰক্ষীয়ে। লগতে ৫টা গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, ধলপুৰ আৰক্ষীয়ে কিছুদিন পূৰ্বে দুটা গৰু সৰবৰাহকাৰীক এনকাউন্টাৰ কৰিছিল।

লখিমপুৰ জিলাৰ কদম, ৰাংচালী আৰু নাওবৈচাৰ কেবাটাও স্থানত একাংশ চোৰাং গৰু সৰবৰাহকাৰীয়ে দিনতে আৰক্ষীৰ চকুত ধূলি দি নিতৌ চলাই গৈছে চোৰাং গৰুৰ সৰবৰাহ। লখিমপুৰ আৰক্ষীয়ে এই সমূহ স্থানত চলি থকা অবৈধ চুৰাং গৰুৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply