লখিমপুৰঃ লখিমপুৰৰ ফুলবাৰীত পথ নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ ফুলবাৰীৰ ২নং বোকানদীৰ ভোগপুৰীয়া গড়কাপ্তানি পথটোৰ কামৰ ঠিকাদাৰ প্ৰবীণ দিহিঙ্গীয়াৰ লগতে অভিযন্তা ৰূপম কাকতিয়ে পথটোৰ নিৰ্মাণৰ কামত দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
পথটোৰ নিৰ্মাণৰ সময়ত প্ৰতি মূহুৰ্ততে ৰাইজে দুৰ্নীতি আঙুলিয়াই অহাৰ স্বত্বেও ৰাইজৰ চকুত ধূলি দি অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰি কাম সামৰে অভিযন্তা ৰূপম কাকতিৰ নেতৃত্বত ঠিকাদাৰ প্ৰবীণ দিহিঙ্গীয়াই। যাৰ ফলত কেইবাগৰাকীও পথচাৰিৰ দুৰ্ঘটনা সংঘটিত হৈছে এই পথটোত। ৰাইজৰ কথালৈ কাণসাৰ নিদি অতি নিম্ন মানদণ্ডৰে পথটো নিৰ্মাণ কৰি কাম সামৰে ঠিকাদাৰে।
১কোটি ৬৪ লাখ ৩৩ হাজাৰ টকা ব্যয়ৰে পথটোৰ কামৰ অংশৰ ১৭ লাখ টকা বৰ্তমানো মেৰামতিৰ বাবে জমা থকা স্বত্বেও কিয় নিৰ্মাণ কৰিব বিচৰা নাই ইয়াকে লৈ গাঁৱৰ ৰাইজৰ লগতে অঞ্চলটোৰ বিভিন্ন ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে ।