পল্লৱ মিলি,লখিমপুৰঃ লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ তথা কাকৈ সংৰক্ষিত বনখণ্ডৰ বোকানলা বনাঞ্চলত গছপুলি ৰোপনৰ নামত বন বিভাগৰ অনিয়ম। কেন্দ্ৰীয় চৰকাৰৰ কেম্পা আঁচনিৰ জৰিয়তে তথা বোকানলা যৌথ বন পৰিচালনা সমিতিয়ে বোকানলা বনাঞ্চলৰ ২০ হেক্টৰ বনভূমিত গছপুলি ৰোপণ কৰিবলৈ গৈ অনিয়ম সংঘটিত কৰিছে।স্থানীয় দল সংগঠনৰ সহযোগত সাংবাদিকৰ দলৰ পৰ্যবেক্ষণত এই তথ্য পোহৰলৈ আহিছে। গছপুলি ৰোপনৰ নামত যৌথ বন পৰিচালনা সমিতিয়ে একাংশ মুল্যবান জীয়া গছ কাটি তাৰ সলনি ৰোপন কৰা নতুন গছপুলি মৰি যোৱা পৰিলক্ষিত হয়। তাতোতকৈ ডাঙৰ কথা বনভূমি সুৰক্ষাৰ নামত বেৰ দিয়া ফেন্সিঙৰ খুটাবোৰ পচা কাঠ হোৱাৰ বাবে বাৰিষা শেষ হোৱাৰ পূৰ্বেই ফেন্সিঙৰ বেৰ পৰি যোৱাৰ সম্ভাৱনা আছে।

তাৰোপৰি চৰকাৰী লক্ষ লক্ষ টকা ব্যয় কৰি বনানীকৰণ কৰা বনভূমিত আঁচনিৰ তথ্য ফলক নথকাত, সঠিক তথ্যক লৈ সন্দিহান হৈ পৰে সাংবাদিকৰ লগতে স্থানীয় সচেতন মহল। এই সন্দৰ্ভত তথ্য জানিব বিচৰাত, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা কৌশলেৰে বিৰত থাকে যৌথ বন পৰিচালনা সমিতিৰ সভাপতি, সদস্য সচিব তথা বন বিষয়া শুকুৰ আলী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply