লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদী উন্নয়নখণ্ডৰ অধীনৰ ওখ মাটি গাওঁ পঞ্চায়তৰ অন্তৰ্গত কণানদীৰ ১৫ নং ৰাষ্ট্ৰীয় পথৰ পৰা কাটৰি-চাপৰি সংযোগী কোটিটকীয়া নৱনিৰ্মিত পথৰ ৰূপহী দলং নিৰ্মাণৰ তিনিটা বছৰ নৌহওঁতেই জহিখহি গৈ‌ ধ্বংস হোৱাৰ উপক্ৰম হৈছে। প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনাৰ ২০১৭- ১৮ বৰ্ষৰ অধীনৰ তথা লখিমপুৰ গড়কাপ্তানি ৰাজ্যিক পথ সংমণ্ডলৰ দ্বাৰা ৰূপায়িত ৫,০৫০,৩,৯০৮ টকাৰে নিৰ্মাণ হোৱা ২.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ কণানদীৰ পৰা ১৫ নং ৰাষ্ট্ৰীয়পথৰ পৰা কাটৰি-চাপৰি সংযোগী পথতো ২০১৮ বৰ্ষত গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলে আৰু সাংসদ প্ৰদান বৰুৱাই নিৰ্মাণৰ শুভাৰম্ভ কৰিছিল ৷

এই পথটোৰ নিৰ্মাণৰ দায়িত্বত আছিল বিভাগীয় ঠিকাদাৰ ৰাণাদেৱ শইকীয়া। পথটোৰ বৰবালি অংশত থকা অতি গুৰুত্বপূৰ্ণ ৰূপহী দলং নিৰ্মাণত ব্যাপক দুৰ্নীতি হোৱাৰ তথ্য পোহৰলৈ আহিছে। যাৰ বাবে স্থানীয় ৰাইজে দলংখনৰ মধ্য ভাগলৈ ওলাই আহি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে।

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, অতি কম পৰিমাণৰ চিমেণ্ট তথা অতি পুৰণি চিমেণ্ট ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল দলংখন। বৰ্তমান দলংখনত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে, ফাঁট মেলিছে, ৰ’ডবোৰো বাহিৰলৈ ওলাই পৰিছে তথা দলংখনৰ চাইড বিমো বহি যোৱাৰ অভিযোগ ৰাইজৰ। আনহাতে আৰ চি চি দলংখনৰ মাজত পানী জমা হৈ থাকে, বৰষুণ দিলে পানী নিষ্কাষণৰ নাই সঠিক ব্যৱস্থা । উল্লেখযোগ্য যে এই পথটোৰে গধুৰ বাহন আহিব নোৱাৰাকৈ ঠিকাদাৰ পক্ষই অবৈধভাৱে চতুৰতাৰে লোহাৰৰ গেট দি বাধা দি থৈছে। অন্যথা গধুৰ বাহন অহা-যোৱা কৰা হ’লে দলংখন কেতিয়াবাই ধ্বংস হৈ গ’ল হেঁতেন বুলি ৰাইজৰ ক্ষোভ উজাৰে । লোহাৰৰ গেটখনো আঁতৰ কৰিবলৈ দাবী জনাইছে ৰাইজৰ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply