পল্লব মিলি, লখিমপুৰঃ লখিমপুৰৰ চৰাইমৰীয়া যোৰহটীয়া গাঁৱৰ পথাৰত উদ্ধাৰ হৈছে এটা মৃতদেহ। ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় আৰক্ষী। আৰক্ষীয়ে লোকজনক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

জানিব পৰা মতে, মৃতদেহটো দীলিপ বৰা নামৰ এজন লোকৰ। ইফালে, উদ্ধাৰ কৰা মৃতদেহটোত আঘাতৰ চিন স্পষ্ট হৈ আছে। আৰু কোনোৱে দীলিপ বৰাক মৰিয়াই হত্যা কৰি পথাৰত পেলাই থৈ যোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ।

এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আনহাতে, ঘটনাৰ সংক্ৰান্তত বগীনদী আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখাৰ সমান্তৰালকৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply