লখিমপুৰঃ লখিমপুৰ জিলাৰ চাউলধোৱাৰ সোৱণশিৰি নৈৰ ওপৰত থকা ৰে’লৰ দলঙত মানুহৰ মুণ্ড উদ্ধাৰ। আজি পুৱাৰ ভাগত দলংখনৰ মধ্য ভাগত মানুহৰ ছিন্ন মুণ্ডটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। উৱলি গৈ দুৰ্গন্ধময় হৈ পৰা ছিন্ন মুণ্ডটো স্থানীয় লোকে দেখি চাউলধোৱা আৰক্ষীক খবৰ দিয়ে।

লগতে পঢ়কঃদুৰ্ঘটনাৰ পিছতে ৰাজপথত জ্বলিল এখন বাহন

উদ্ধাৰ হোৱা ছিন্ন মুণ্ডটো ন-আলিৰ জেহেৰ আলী বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰিছে। থেকেৰাগুৰিত সোণাৰী হিচাপে কৰ্মৰত আছিল জেহেৰ আলীৰ। জেহেৰ আলীৰ পত্নী আৰু এটি পুত্ৰ সন্তানো আছে। কোনোৱে হত্যা কৰি এইদৰে ৰেলৰ দলঙত মুণ্ডটো পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply