লখিমপুৰঃ লখিমপুৰত মৃত নৱজাতক উদ্ধাৰ। মোনাত ভৰাই শ্মশানৰ ভিতৰত পেলাই থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটি।
খেলমাটি আৰক্ষী চকীৰ কাষতে থকা শিৱমন্দিৰ শ্মশানৰ গেটৰ ভিতৰত এটা পৰিত্যক্ত মোনা পুৱাই প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে আহি মোনাটো খুলি সদ্যোজাত এটি লৰা সন্তানৰ মৃতদেহ উদ্ধাৰ কৰে।
মৃতদেহটোৰ শৰীৰত কোনোবা চিকিৎসালয়ৰ টিকট লাগি থকা প্ৰত্যক্ষ কৰে আৰক্ষীয়ে।
লগতে পঢ়কঃধেমাজিত অসম জাতীয়তবাদী যুৱ পৰিষদৰ প্ৰতিবাদ
কোনো হৃদয়হীনা পিতৃ-মাতৃয়ে এনেদৰে নিজৰ সন্তানক শ্মশানত দলিয়াই দিয়া ঘটনাক লৈ তীব্ৰ চৰ্চা চলিছে।
আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।
উল্লেখ্য যে, মাথোঁ দুদিন মানৰ পূৰ্বে লখিমপুৰৰ এখন নাৰ্চিং হ’মত এটি শিশুৰ মৃত্যুৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই আজি পুনৰ শ্মশানত নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ৰাইজক উদ্বিগ্ন কৰি তুলিছে।