লখিমপুৰঃ মালয়েছিয়াত উজ্বলিছে অসম কন্যা দীপ্তি চেত্ৰী। মিছ টুৰিজিম এম্বেছাডৰ এছিয়া পেচিফিক ২০২২ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে লখিমপুৰৰ দীপ্তিয়ে।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ১৫ খন দেশৰ অৰ্ধশতাধিক প্ৰতিযোগীৰ ভিতৰত অসমৰ হৈ দীপ্তি চেত্ৰীয়ে এই খিতাপ লাভ কৰে।  

গামোচা মেগা এন্টাৰট্ৰিটমেন্ট প্ৰাইভেট লিমিটেডৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি ধাৰাবাহিক ভাবে এগৰাকী মডেলিং হিচাপে বিভিন্ন দেশত প্ৰতিযোগিতাত অংশগ্রহণ কৰিছে দীপ্তি চেত্ৰীয়ে।

উল্লেখ্য যে দীপ্তি চেত্ৰী এগৰাকী মডেল হোৱাৰ সমান্তৰালকৈ ৰে’লৱেৰ এগৰাকী কৰ্মচাৰীও। লখিমপুৰ জিলাৰ এক ভিতৰুৱা অঞ্চল চিলনীবাৰিৰ পৰা ওলাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দীপ্তিয়ে সুনাম কঢ়িয়াই অনাক লৈ সমগ্ৰ অসমবাসী গৌৰৱাম্বিত। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply