লখিমপুৰ, পল্লব মিলি: লখিমপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত বান্দৰদেৱা আৰক্ষীয়ে কেইবা লক্ষাধিক টকাৰ মূল্যৰ হেৰ’ইন জব্দ কৰে। লগতে আৰক্ষীয়ে দুগৰাকী মহিলা সহ তিনিজনক আটক কৰে।
লখিমপুৰৰ হাৰমতি বাগান গেটৰ সমূখত এজন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা এটা চাবোনৰ বাকচত এক পেকেট হেৰ’ইন জব্দ কৰাৰ লগতে ৰিতুল ভূঞাক আটক কৰে।
আনহাতে, বান্দৰদেৱা হিম্মতসিংকা বিল্ডিঙৰ সন্মুখত নগাঁৱৰ দুগৰাকী মহিলাৰ পৰা দহ পেকেট চাবোনৰ বাকচত অনা দহ পেকেট হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।
নগাঁৱৰ পৰা বান্দৰদেৱাত সৰবৰাহ কৰিবলৈ অহা দুয়ো গৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয়। লালুকৰ আৰক্ষীৰ চক্ৰ পৰিদৰ্শক আৰু বান্দৰদেৱা আৰক্ষী চকীৰ উপ পৰিদৰ্শক নিপন গগৈ আৰু মদন বৰাৰ নেতৃত্বত চলা অভিযানত এইদৰে সফল অভিযান চলাই মুঠ ১৩৩.৪৫ গ্ৰাম হেৰ’ইন সহ তিনি জন বান্দৰদেৱা আৰক্ষীৰ কৱলত।