পল্লব মিলি, লখিমপুৰঃ লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্ত বান্দৰদেৱাত আৰক্ষীৰ সাফল্য। ৪০টা কন্টেইনাৰ সহ ৫.০৪ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে। এই অভিযানত তিনিটা ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে জনোৱা মতে, আটক কৰা সৰবৰাহকাৰী কেইটা ক্ৰমে- মাজুলীৰ ৰমা গাম, বান্দৰদেৱা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং পাৰ্বতীপুৰৰ মিনা বড়ী আৰু লালুকৰ জীতেন বিশ্বাস।
বিহপুৰীয়া আৰক্ষী থানাৰ পৰিদৰ্শক উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ উপ পৰিদৰ্শক নিপন গগৈৰ নেতৃত্বত চলা অভিযানত এইদৰে হেৰ’ইন সহ তিনিওজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয়।