লখিমপুৰঃ লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱা আৰু হাৰমতীত অব্যাহত আছে ড্ৰাগছৰ বেহা৷ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিওঁ বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ বৃহস্পতিবাৰে নিশা প্ৰায় ২-৩০ বজাত তৰাজুলিত গুৱাহাটীৰ পৰা মাজুলী অভিমুখে আহি থকা AS 01 MC 7633 নম্বৰৰ গাড়ীখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ। বান্দৰদেৱাৰ হেমা নেৱাৰ(২৩) আৰু জিৱাউল আলী (২৪) নামৰ লোক দুগৰাকীয়ে নগাঁৱৰ পৰা বান্দৰদেৱাৰ দুই নং পাৰ্ৱতীপুৰত বিক্ৰী কৰিবলৈ অনাৰ পথত বিহপুৰীয়া থানাৰ অচি উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈৰ নেতৃত্বত আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি ৷

লগতে পঢ়কঃআজিও মহানগৰীৰ বহু অঞ্চল পানীৰ তলত

আৰক্ষীৰ অভিযানকালত দুগৰাকী মহিলা সহ মুঠ সাত জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ আৰক্ষীৰ জালত পৰা লোককেইজন ক্ৰমে ইবুল আলী (৩২), ৰিতুল ভূঞা (২৪), ৰাহুল নেৱাৰ (২৬), বাবু খান (৩৩) আৰু মায়া শৰ্মা (২৯)ক নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ বৰ্তমান আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে ৭ টা চাবোনৰ বাকচত মুঠ ৮০.৮৪ গ্ৰাম সন্দেহজনক ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply