লখিমপুৰঃ লখিমপুৰত কেন্দ্ৰীয় শক্তি মন্ত্রীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ।
ছাত্র সন্থা, যুৱ ছাত্র পৰিষদ, অসমীয়া যুৱ মঞ্চই দাহ কৰিলে প্ৰধানমন্ত্ৰী, শক্তিমন্ত্রী, মুখ্যমন্ত্রীৰ পুত্তলিকা।
শুকুৰবাৰে কেন্দ্রীয় শক্তিমন্ত্রীয়ে আগষ্টত নামনি সোৱণশিৰি প্ৰকল্পৰ উৎপাদন আৰম্ভ কৰা হ’ব বুলি কৰা ঘোষণাত লখিমপুৰত আজি জাঙুৰ খাই উঠে ছাত্র সন্থা, যুৱ ছাত্র পৰিষদ আৰু অসমীয়া যুৱ মঞ্চ।
লগতে পঢ়কঃকাৰ্বিপাহাৰত ব্যতিক্ৰমী ৰাস প্ৰদৰ্শনেৰে দাঙি ধৰিলে ঐক্যৰ নিদৰ্শন
নগৰৰ মাজত প্ৰধানমন্ত্ৰী মোডী,মশক্তি মন্ত্রী আৰ কে সিং আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি সংগঠন কেইটাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
বিজেপি চৰকাৰ তথা নেতা মন্ত্রীক ধিক্কাৰ দি প্ৰকল্পৰ নামনিৰ ৰাইজৰ জীৱন সম্পত্তিৰ নিৰাপত্তা নিশ্চিত নোহোৱা পৰ্যন্ত প্ৰকল্পৰ উৎপাদন বন্ধ কৰাৰ দাবী জনায়।
প্ৰকল্পটো বন্ধৰ বাবে শেষ বিন্দু ৰক্ত থকালৈকে যুঁজ দি যোৱাৰো হুংকাৰ দিয়ে সংগঠন কেইটাই।