পল্লব মিলি, লখিমপুৰঃ আজি ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ঈদ। ৰাজ্য তথা দেশত উদযাপন হৈছে পবিত্ৰ ঈদ উল ফিতৰ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ৰমজান মাহৰ অন্তত আজি সমূহীয়াকৈ ঈদৰ নামাজ আদায় কৰি উদযাপন কৰে এই পবিত্ৰ দিনটো।

YouTube video

লখিমপুৰৰ জিলাৰ কদম টেঙাবস্তী পুৰণা জামে মছজিদৰ প্ৰাংগণত কদম টেঙাবস্তী ৰাইজে সমূহীয়াকৈ ঈদৰ নামাজ আদায় কৰি ৰাজহুৱা কৱৰস্থানত মৃত ব্যক্তি সকলৰ আত্মাৰ সদগতিৰ অৰ্থে দোৱা কৰে। লগতে কদম টেঙাবস্তীত যুৱ সমাজৰ তৰফৰ পৰা সমূহ ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply