লখিমপুৰঃ ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়াত আজি জিলাখনৰ পাঁচটা সমষ্টিৰ চাৰিটাত বিজেপি আৰু এটা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে।
লখিমপুৰ জিলাত থকা পৰিষদটোৰ ৫ টা সমষ্টিত ১৫ জনকৈ প্ৰাথীয়ে নিৰ্বাচনী প্ৰতিদ্বন্দিতাত নামিছিল।

উল্লেখ্য যে, নিৰ্বাচনত মুঠ ৯ হেজাৰ ২৯৩ জন ভোটাৰৰ ভিতৰত ৭,৮৭০ ভোটাৰে ভোটদান সাব্যস্ত কৰে। বিজেপি ৪, অগপ ১,কংগ্ৰেছৰ ৫জন প্ৰাৰ্থীৰ সমান্তৰালকৈ ৫ টা সমষ্টিত থিয় দিছিল ৫ জনকৈ নিৰ্দলীয় প্ৰাথী ।

লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোট গণনা প্ৰক্ৰিয়াত ১৯ নং দক্ষিণ বিহপুৰীয়া সমষ্টিত বিজেপি প্ৰাৰ্থী কেশৰাম বৰা জয়ী হয় । তেওঁ মুঠ ভোট লাভ কৰে ৮৪৪ টা ।

লগতে পঢ়কঃঅসমৰ পৰা এনকাউন্টাৰ নীতি সম্পূৰ্ণ ৰূপে বাতিল কৰাৰ দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ

দুবাৰকৈ বিধায়ক হিচাপে জয়ী হোৱা প্ৰাৰ্থী গৰাকীয়ে ৪৩৭টা ভোটৰ ব্যৱধানত নিৰ্দলীয় প্ৰাৰ্থী ৰমাকান্ত বৰাক পৰাজিত কৰে। ১৭ নং পাভ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কেশৱ নেওগে নিৰ্দলীয় প্ৰাৰ্থী থানেশ্বৰ শইকীয়াক ৮২ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে। তেওঁ মুঠ ভোট লাভ কৰে ৭১৩ টা । ১৬ নং বাঙালমৰা (পূব ডিক্ৰং ) সমষ্টিত বিজেপি প্ৰাৰ্থী লেখন বৰাই নিৰ্দলীয় প্ৰাৰ্থী বটু কৃষ্ণ বৰাক ২৮৭ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে । লেখন বৰাই মুঠ ৮৯০ টা ভোট লাভ কৰে।

১৮ নং পূব লখিমপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জ্যোতি বৰা শইকীয়াই কংগ্ৰেছৰ টুলুমনি সোণোৱাল বৰাক ১২৮ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে ।

জ্যোতি বৰা শইকীয়াই মুঠ ৭৯০ টা ভোট লাভ কৰে । ২০ নং জকাইপেলোৱা হাৰমতিত অগপৰ প্ৰাৰ্থী ধনেশ্বৰই হাজৰিকাই কংগ্ৰেছৰ প্ৰাৰ্থী অপূৰ্ব হাজৰিকাক ৩১৬ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে । সমষ্টিটোত ধনেশ্বৰ হাজৰিকাই মুঠ ৮৫৬ টা ভোট লাভ কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply