লখিমপুৰৰ বান্দৰদেৱাত আটক কৰা দুই ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীৰ এনকাউণ্টাৰ। দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী।
কালি সন্ধিয়া বান্দৰদেৱাৰ পথালি পাহাৰত নগাঁৱৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ লৈ অহা দুখন বিলাসী বাহন সহ দুজনক আটক কৰিছিল বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে।
নিশা প্ৰায় ১ মান বজাত বান্দৰদেৱাৰ ২ নং পাৰ্বতীপুৰৰ বুধবৰীয়া বজাৰৰ সমীপত থকা ড্ৰাগছৰ ঘাটিলৈ লৈ গৈছিল আৰক্ষীয়ে ধৃত দুয়ো ড্ৰাগছ সৰবৰাহকাৰী দুটাক। কিন্তু আন্ধাৰৰ সুযোগ বুজি আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলী চালনা কৰে।
গুলীবিদ্ধ হয় নগাঁৱৰ আব্দুৰ জব্বৰ আৰু জাকিৰ হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুটা। নিশাই দুয়োকে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাই। ডিমাপুৰৰ পৰা ড্ৰাগছ খিনি লখিমপুৰ যোগান ধৰিবলৈ আহিছিল।
লগতে পঢ়ক- লখিমপুৰত কেইবা লক্ষাধিক টকাৰ ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ