লখিমপুৰঃ বছৰৰ শেষৰ দিনা লখিমপুৰত পুনৰ দুজনক একাউন্টাৰ।

বছৰৰ শেষত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক।

বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰক্ষী থানাৰ পৰিদৰ্শক উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপন গগৈৰ নেতৃত্বত চলিল অভিযান।

বান্দৰদেৱাৰ পথালিপাহাৰ টোলগেটৰ সমীপতে আৰক্ষীৰ দলটোৱে নগাঁও জিলাৰ হয়বৰগাঁৱৰ আজিজুৰ ৰহমান (২৭) , বিহপুৰীয়াৰ মৰনৈ চাহিদুল আলি (২৬)আৰু শোণিতপুৰৰ ৰাইছ মাঝি (২১) নামৰ ড্ৰাগছ সৰবৰাহকাৰী কেইজনক আটক কৰিবলৈ সক্ষম হয়।

সৰবৰাহকাৰী কেইজনে নগাঁৱৰ পৰা ১৩টা চাবোনৰ বাকচত ড্ৰাগছ কঢ়িয়াই আনিছিল।

আৰক্ষীয়ে তিনি ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে এখন এ’ল্ট কাৰ জব্দ কৰে ।

জব্দ কৰা গাড়ী খনৰ নম্বৰ এ এছ-০৭ এইছ ৬৫৬৪।

ড্ৰাগছ সৰবৰাহকাৰী কেইজন পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীচালনা কৰে।

আজিজুৰ ৰহমান আৰু চাহিদুল আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ ভৰিত গুলী লাগি গুৰুত্বৰভাৱে আহত হয়।

সম্প্ৰতি চাহিদুল আলী আৰু আজিজুৰ ৰহমান লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

আনহাতে, অধিক তদন্তৰ বাবে ৰাইচ মাঝিক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

লগতে পঢ়কঃযোৰহাট আৰক্ষীয়ে এনকাউন্টাৰ কৰিলে কুখ্যাত ড্ৰাগছ মাফিয়া পঁচাক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply