লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদীত খহনীয়াৰ ভয়ংকৰ ৰূপ। ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা খৰস্ৰোতা বগীনৈৰ খহনীয়াৰ কবলত পৰি জাহ যোৱাৰ উপক্ৰম হৈছে খুৰাচুকৰ ত্ৰিশটাতকৈ অধিক পৰিয়ালৰ বাসগৃহ। ভীমপৰা পঞ্চায়তৰ ৮নং শিঙিদলনি ৱাৰ্ডৰ খুৰাচুকত এতিয়া চলিছে বগী নৈৰ সন্ত্ৰাস।

লগতে পঢ়কঃৰঙিয়া মহকুমাৰ ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰত্যাশা পূৰণৰ দিশত

বাঁহৰ জেং, গছৰ ডাল পাতেৰে বগীনৈৰ তীব্ৰ খহনীয়া প্ৰতিৰোধৰ আপ্ৰাণ চেষ্টা চলাইছে গাঁৱবাসীয়ে। তত্স্বত্তেও ৰোধ কৰিবলৈ পৰা নাই বগীনৈৰ খহনীয়া। প্ৰতিটো বছৰৰ বাৰিষাত খহনীয়াৰ কৱলত পৰি বহুতো দৰিদ্ৰ পৰিয়ালে হেৰুৱাইছে নিজৰ মাটি-ভেটি। কিন্তু গাঁৱবাসীৰ দুৰ্গতিক লৈ গুৰুত্ব দিয়া নাই বগীনদী উন্নয়ন খণ্ডৰ কাৰ্যলয়, ভীমপৰা পঞ্চায়তৰ জনপ্ৰতিনিধি আৰু কদম ৰাজহ চক্ৰৰ কাৰ্যালয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply